close
সমললৈ যাওক

শকাব্দ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Image
নেপালৰ গোৰ্খা ৰজা পৃথিৱী নাৰায়ণ শ্বাহৰ সময়ৰ ১৬৮৫ শক (১৭৬৩ খ্ৰীষ্টাব্দ) উল্লিখিত এটি মোহৰ
ভাৰত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ[1]
পতাকা ত্ৰিৰঙ্গা
প্ৰতীক অশোক স্তম্ভ
সংগীত জন গণ মন
স্তোত্ৰ বন্দে মাতৰম্‌
পশু বাঘ (ঢেঁকীয়াপতীয়া বাঘ)
ঐতিহ্যবাহী পশু ভাৰতীয় হাতী
পক্ষী ভাৰতীয় ময়ূৰ
জলচৰ প্ৰাণী শিহু
ফুল পদুম
গছ বট গছ
ফল আম
খেল হকী
বৰ্ষপঞ্জী শকাব্দ
নদী গঙ্গা[2]

শকাব্দ অথবা শালীবাহনাব্দ হ'ল ভাৰতীয় উপমহাদেশত বহুলভাবে প্ৰচলিত প্ৰাচীন সৌৰ অব্দ বা বৰ্ষপঞ্জী। এই অব্দ বংগাব্দৰ ৫১৫ বছৰ আগত আৰু খ্ৰীষ্টাব্দৰ ৭৮ বছৰ পিছত প্ৰচলিত হয়। শকাব্দৰ উৎস লৈ ইতিহাসবিদ সকলৰ মাজত মতানৈক্য আছে। কিন্তু অধিকাংশ ইতিহাসবিদৰ মতানুসাৰে প্ৰাচীন ভাৰতীয় নৃপতি শালীবাহনৰ প্ৰয়াণ দিৱসৰ পৰায়ে শকাব্দৰ সূচনা হয় বুলি গণ্য কৰা হয়। ৰজা শালীবাহনৰ ৰাজত্বকালত এবাৰ বাহিৰাগত শক জাতিয়ে তেওঁৰ ৰাজ্য আক্ৰমণ কৰে। তেতিয়া শালীবাহনে শক সকলক পৰাজিত কৰি 'শকাৰি' উপাধি গ্ৰহণ কৰে। তাৰ পৰায়ে এই বৰ্ষপঞ্জীৰ নাম হয় শকাব্দ।

শকাব্দ এক প্ৰকাৰৰ সৌৰবৰ্ষ। পূৰ্বতে ইয়াৰ মাহ গণনা দিনাংক খ্ৰীষ্টিয় চতুৰ্থ শতিকাত উদ্ভূত প্ৰাচীন ভাৰতীয় জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় গ্ৰন্থ 'সূৰ্য সিদ্ধান্ত'ৰ আধাৰত সৌৰবৰ্ষ গণনা কৰা হৈছিল।[3]

এক ৰাশিৰ পৰা আন এক ৰাশিত সূৰ্যৰ আপাত গমনৰ (মূলতঃ পৃথিৱীৰ বাৰ্ষিক গতিৰ কাৰণে) ফলত মাহ পৰিৱৰ্তিত হয়।[3] পূব ভাৰতত প্ৰচলিত বংগাব্দ আৰু ভাস্কৰাব্দ বৰ্ষগণনাৰ ক্ষেত্ৰত এতিয়াও এই প্ৰাচীন পদ্ধতিক অনুসৰণ কৰা হয়। শকাব্দত অঞ্চলভেদে বিভিন্ন সময়ত বৰ্ষাৰম্ভ হয়। যেনে উত্তৰ ভাৰতত নতুন বছৰৰ আৰম্ভণি চৈত্ৰ বা চ'ত মাহত হয় কিন্তু পূব ভাৰতত বৈশাখ বা বহাগ মাহত নৱবৰ্ষ আৰম্ভ হয়। ভাৰতীয় ইতিহাসৰ আধুনিক যুগেতেও অন্যান্য অব্দৰ সমান্তৰাল ভাৱে শকাব্দৰ ব্যৱহাৰ বহুলভাবে লক্ষ্য কৰা হয়। অসমত "ভাস্কৰাব্দ" নামৰ এটি বৰ্ষপঞ্জী প্ৰচলিত থাকিলেও শকাব্দয়ে বহুল ভাৱে প্ৰচলিত। সূৰ্য সিদ্ধান্তৰ প্ৰাচীন নিয়ম মানি অসমত ১ বহাগত (বৈশাখ) পালিত নৱবৰ্ষ উৎসৱ "বহাগ বিহু"ৰ পৰায়ে শকাব্দ গণনা কৰা হয়।[4]

ভাৰতীয় ৰাষ্ট্ৰীয় বৰ্ষপঞ্জী

[সম্পাদনা কৰক]

১৯৫০ চনত স্বাধীন ভাৰত এখন গণতন্ত্ৰ হিচাপে পৰিগণিত হোৱাৰ পিছত ভাৰত চৰকাৰে এখন জাতীয় বৰ্ষপঞ্জীৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। ইয়াৰ ফলশ্ৰুতিত ১৯৫৭ চনত (১৮৭৯ শকাব্দ) ভাৰত চৰকাৰে বিজ্ঞানী মেঘনাদ সাহাৰ নেতৃত্বত কমিটি গঠন কৰে। এই কমিটি শকাব্দ সহ ভাৰতত প্ৰচলিত অন্যান্য বৰ্ষপঞ্জী সমূহৰ সংস্কাৰ সাধনত নিযুক্ত হয়। উক্ত কমিটি শকাব্দক ঋতুনিষ্ঠ আৰু সকলোৰে ব্যৱহাৰোপযোগী কৰি তোলাৰ বাবে আন্তৰ্জাতিক স্তৰত প্ৰচলিত গ্ৰেগোৰিয়ান বৰ্ষপঞ্জীৰ লগত সমন্বয় ৰাখি চলাৰ বাবে এই অব্দক সংস্কাৰ কৰাত উদ্যোগী হয়। "সূৰ্যসিদ্ধান্ত"ত উল্লিখিত নিৰয়ণ বৰ্ষ গণনাৰীতি[3] পৰিহাৰ কৰে সংস্কাৰ কমিটিয়ে শকাব্দক সায়ন সৌৰ অব্দত ৰূপান্তৰিত কৰে আৰু বাৰ মাহৰ দৈৰ্ঘ্য স্থিৰ কৰে।[3][5][6] তদুপৰি বাৰ্ষিক গতিৰ লগত সমন্বয়ৰাখি অধিবৰ্ষত চৈত্ৰ বা চ'ত মাহত অতিৰিক্ত এদিন যোগ কৰাৰ সিদ্ধান্ত লোৱা হয়। এই কমিটিৰ ঘোষণা অনুসৰি প্ৰত্যেক বছৰৰ মহাবিষুৱৰ পিছদিনা অৰ্থাৎ গ্ৰেগোৰিয়ান বৰ্ষপঞ্জীৰ ২২ মাৰ্চ তাৰিখে শকাব্দ আৰম্ভ হয় আৰু শকাব্দৰ তাৰিখ অনুসাৰে সেই দিনতো হ'ল ১ চৈত্ৰ বা চ'ত। কেৱল অধিবৰ্ষত ২১ মাৰ্চত বৰ্ষাৰম্ভ হয়। এই সংশোধিত অব্দত বৰ্ষ গণনাৰ বিধি অনুসৰি শকাব্দৰ লগত ৭৮ যোগ কৰি প্ৰাপ্ত যোগফলক ৪ৰ দ্বাৰা ভাগ কৰি যদি ভাগশেষ ০ থাকে তেন্তে সেই বছৰ অধিবৰ্ষ হয় হয়। কিন্তু শকাব্দৰ লগত ৭৮ যোগ কৰাৰ পিছত প্ৰাপ্ত যোগফল যদি ১০০ৰ গুণিতক হয় তেন্তে তাক ৪০০ দ্বাৰা ভাগ কৰাৰ পিছত যদি ভাগশেষ থাকে ০ তেন্তে সেই বছৰ অধিবৰ্ষ হয়।[3][5][6] উক্ত কমিটিৰ সিদ্ধান্তানুসাৰে শকাব্দৰ বাৰ মাহৰ দিনসংখ্যা হ'ল:[3][5][6]

নং মাহ (সংস্কৃত নাম) মাহ (অসমীয়া নাম) দৈৰ্ঘ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি মাহৰ আৰম্ভকাল ক্ৰান্তীয় ৰাশিত (Tropical zodiac) সূৰ্য
চৈত্ৰচ'ত৩০ দিন (অধিবৰ্ষত ৩১ দিন)২২ মাৰ্চ (অধিবৰ্ষত ২১ মাৰ্চ)মেষ
বৈশাখব'হাগ৩১ দিন২১ এপ্ৰিলবৃষ
জ্যৈষ্ঠজেঠ৩১ দিন২২ মে'মিথুন
আষাঢ়আহাৰ৩১ দিন২২ জুনকৰ্কট
শ্ৰাৱণশাওন৩১ দিন২৩ জুলাইসিংহ
ভাদ্ৰভাদ৩১ দিন২৩ আগষ্টকন্যা
আশ্বিনআহিন৩০ দিন২৩ ছেপ্টেম্বৰতুলা
কাৰ্তিককাতি৩০ দিন২৩ অক্টোবৰবৃশ্চিক
অগ্ৰহায়ণআঘোণ৩০ দিন২২ নৱেম্বৰধনু
১০পৌষপুহ৩০ দিন২২ ডিচেম্বৰমকৰ
১১মাঘমাঘ৩০ দিন২১ জানুৱাৰীকুম্ভ
১২ফাল্গুনফাগুন৩০ দিন২০ ফেব্ৰুৱাৰীমীন

১৯৫৭ চনৰ ২২ মাৰ্চ (১ চৈত্ৰ ১৮৭৯ শক) তাৰিখে ভাৰত চৰকাৰে এই সংস্কাৰ প্ৰাপ্ত শকাব্দক ভাৰতৰ ৰাষ্ট্ৰীয় বৰ্ষপঞ্জী হিচাপে গ্ৰহণ কৰা হয় আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সৰ্ব স্তৰতে গ্ৰেগোৰিয়ান অব্দৰ লগত "ভাৰতীয় ৰাষ্ট্ৰীয় বৰ্ষপঞ্জী" ব্যৱহাৰৰ প্ৰচলন কৰে।[7][8][9] কিন্তু সমস্ত প্ৰশাসনিক বিভাগ, আকাশবাণী আৰু দূৰদৰ্শনৰ ঘোষণাত শকাব্দৰ প্ৰচলন হলেও[9] এতিয়াও ১ চৈত্ৰ বা চ'ত (২১/২২ মাৰ্চ), শকাব্দৰ নৱবৰ্ষৰ দিন জাতীয় ছুটিৰ দিন হিচাপে স্বীকৃত হোৱা নাই। ধৰ্মীয় নিৰয়ণ বৰ্ষপঞ্জীৰ বহুল প্ৰচলনৰ কাৰণতেই সম্ভৱত সংস্কাৰকৃত শকাব্দ উপেক্ষিত ৰৈ গৈছে।[3][10]

তথ্য উৎস

[সম্পাদনা কৰক]

বহিঃসংযোগ

[সম্পাদনা কৰক]